Skip to main content

একবিংশ শতিকাৰ কৌশল আৰু প্ৰযুক্তিৰ সহায়ত অনুসন্ধান ভিত্তিক শিকন- ২০২১ অসমীয়া


TISSx
Enrollment in this course is by invitation only

পাঠ্যক্ৰমৰ বিষয়েঃ

এই ব্যৱহাৰিক পাঠ্যক্ৰমে একবিংশ শতিকাৰ কৌশল, 4Cৰ জ্ঞান আৰু বিদ্যালয়ত ইয়াৰ সঠিক ব্যৱহাৰৰ বিযয়ে বুজাত সহায় কৰিব ।শ্ৰেণী কোঠাত প্ৰয়ুক্তিবিদ্যা ব্যৱহাৰ কৰি বাস্তৱ জীৱনৰ লগত জড়িত (Authentic) আৰু পৰিস্থিতি সহায়ক(Contextual) কাৰ্যকলাপৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হ’ব। ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে প্ৰযুক্তি বিদ্যা ব্যৱহাৰ কৰি অনুসন্ধানমূলক শিক্ষা লাভ কৰিব পাৰে, সেই বিষয়েও এই পাঠ্যক্ৰমত আলোচনা কৰা হ’ব। অনুসন্ধানমূলক শিক্ষাৰ উদাহৰণ স্বৰূপে ৱেব কুৱেষ্ট (WebQuest)ৰ বিষয়ে আলোচনা কৰা হ’ব। এই পাঠ্যক্ৰমত অংশ গ্ৰহণ কৰা শিক্ষাৰ্থী সমূহে পাঠ্যক্ৰমৰ অংশ হিচাপে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এখন ৱেব কুৱেষ্ট (WebQuest)ৰ পৰিকল্পনা কৰি ইয়াক সুচাৰূৰূপে অনুষ্ঠিত কৰিব লাগিব। ৱেব কুৱেষ্ট (WebQuest) সম্পূৰ্ণ কৰিলে এই পাঠ্যক্ৰমৰ সম্পুৰ্ণ কৰা বুজাব আৰু শিক্ষাৰ্থী সমূহে ডিজিটেল বেজ লাভ কৰিব।

পাঠ্যক্ৰমৰ লক্ষ্য

  • একবিংশ শতিকাৰ কৌশল, 4Cৰ জ্ঞান আৰু বিদ্যালয়ত ইয়াৰ সঠিক ব্যৱহাৰৰ বিযয়ে বুজাব।
  • শ্ৰেণীকোঠাত প্ৰযুক্তি বিদ্যা ব্যৱহাৰ কৰি একবিংশ শতিকাৰ কৌশল ছাত্ৰ-ছাত্ৰীৰ মাজত গঠন কৰা।
  • প্ৰযুক্তি বিদ্যা ব্যৱহাৰ কৰি অনুসন্ধানমূলক শিকনৰ বিষয়ে জনা আৰু ছাত্ৰ-ছাত্ৰীৰ লগত ৱেব কুৱেষ্ট (WebQuest)ৰ দৰে অনুসন্ধানমূলক শিক্ষাৰ ব্যৱহাৰ

পাঠ্য়ক্ৰমটো কোনে কৰিব পাৰিব?

যিসকল শিক্ষক/শিক্ষয়িত্ৰী মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্য়ালয়ত শিক্ষাদান পৰি আহিছে আৰু লগতে তেখেতসকলে ৫ ৰপৰা ১০ জন ছাত্ৰ-ছাত্ৰী এই পাঠ্য়ক্ৰমটোত অংশগ্ৰহণ কৰাব লাগিব।

শিক্ষাৰ্থীসকলে কৰিবলগীয়াঃ

  • ৱেবিনাৰৰ মাধ্যমৰে পাঠ্যক্ৰমৰ ৰ লগত জড়িত সমল ব্যক্তিৰ লগত যোগাযোগ কৰিব লাগিব।
  • অনলাইন আলোচনা সভাত অংশগ্ৰহন কৰিব লাগিব।
  • আপোনাৰ মোবাইলত TISSX মোৱাইল এপ্লিকেচন ব্যৱহাৰ কৰি পাথ্যক্ৰমটোত প্ৰৱেশ কৰিব লাগিব।

প্ৰয়োজনীয়তাঃ

  1. পাঠ্য়ক্ৰমটোৰ বাবে ইণ্টাৰনেটসহ এটা স্মাৰ্টফোনৰ প্ৰয়োজন হ’ব।
  2. ইণ্টাৰনেটসহ এটা কম্পিউটাৰ বা স্মাৰ্টফোনৰ সহায়ত পাঠ্য়ক্ৰমটোৰ কাৰ্যক্ৰমসমূহ সমাপন কৰাৰ বাবে প্ৰয়াস কৰিব লাগিব।

Course Staff

Course Staff Image #1

ডঃ আমিনা শৰণীয়া

সহযোগী অধ্য়াপিকা (CEIAR, TISS) এখেতে টাটা-ট্ৰাষ্টত শিক্ষাত প্ৰযুক্তি সংহত প্ৰয়োগ উন্নয়নৰ কৰ্মত নিয়োজিত হৈ আছিল আৰু CLIxৰ ধাৰণা প্ৰস্তুতকৰাত পদক্ষেপ লৈছিল। প্ৰযুক্তি সংহত কৰা বাবে শিক্ষকসকলৰ বৃত্তিগত বিকাশ কৰোৱাটো আৰু গঠনাত্মক শিক্ষাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে প্ৰযুক্তিবিদ্য়াৰ ব্য়ৱহাৰ কৰাটো তেখেতৰ ৰুচিৰ বিষয়।

Course Staff Image #2

চোহিনী সেন

প্ৰশিক্ষণ সমন্বয়ক, আই.টি.ই. সমন্বয় গোট, (CEIAR, TISS) তেখেতে ২০১৩ চনৰপৰা শিক্ষাত প্ৰযুক্তিবিদ্য়াত সংহত ব্য়ৱস্থাত (ITE) ত জড়িত হৈ আছে আৰু TISS ITE সমন্বয় দলৰ সৈতে ২০১৬ চনৰপৰা জড়িত হৈ আছে। তেখেতে বিদ্য়ালয়ৰ শিক্ষকসকলৰ প্ৰমানপ্ৰত্ৰ সাজু কৰাৰ লগতে সমন্বয়ক দলৰ সদস্য় হিচাপে চৰকাৰী বিদ্য়ালয়সমূহত ITE প্ৰয়োগৰ ক্ষেত্ৰত ক্ষমতা বৃদ্ধি আৰু চোৱা-চিতাৰ কাৰ্য কৰে।

Course Staff Image #2

ৰৌচান সিং

কাৰিকৰী আৰু বিষয়বস্তু বিশেষজ্ঞ, আই.টি.ই. সমন্বয় গোট, (CEIAR, TISS) ৰৌচান সিং আই.টি.ই. (ITE) কাৰ্যসূচীৰ লগত ২০১৪. ৰ পৰা জৰিত আৰু ২০১৬ ৰ পৰা আই.টি.ই. ৰিচোৰ্চ টিম ( ITE Resource Team) ৰ সদস্য । তেখেতে নতুন প্ৰযুক্তিৰ বিষয়ে, তথ্য প্ৰযুক্তিৰ বিভিন্ন মাধ্যমৰ বিষয়ে আৰু প্ৰগ্ৰেমিং চফট’ৱেৰ (programming software) আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগিতাৰ বিষয়ে জানিব ভাল পায়। তাৰ বাহিৰেও আৰ্টিফিজিয়েল ইণ্টেলিজেন্সি (কৃত্ৰিম বুদ্ধিমত্তা) (Artificial intelligence) আৰু শিক্ষাত ব্যৱহাৰ হ’ব পৰা প্ৰযুক্তি বিদ্যাৰ মাধ্যম সমূহৰ ওপৰত এখেতৰ বিশেষ ৰাপ আছে।

সহায়কাৰী কাৰ্যকৰ্তা

দুৰ্বা সৰকাৰ

ক্ষেত্ৰ সমন্বয়ক, ITE সমন্বয় দল, TISS

সঘনাই উত্থাপনহোৱা প্ৰশ্নসমূহ

মই কেনেদৰে স্মাৰ্টফোনত পাঠ্য়ক্ৰমটোত অংশগ্ৰহণ কৰিম?

আপোনাৰ মোবাইলত TISSX মোবাইল এপ্লিকেচন ব্য়ৱহাৰ কৰি পাঠ্য়ক্ৰমটোত প্ৰৱেশ কৰিব লাগিব। আপুনি এপ্লিকেচনটো Google Play Store ৰপৰা সংগ্ৰহ কৰিব লাগিব।

পাঠ্য়ক্ৰমৰ বিষয়ে তথ্য়ৰ প্ৰয়োজন হ’লে মই কাক যোগাযোগ কৰিম?

  • চোহিনি সেন, পাঠ্য়ক্ৰম প্ৰশিক্ষণ ই-মেইলঃ sohini.sen@tiss.edu
  • দুৰ্বা সৰকাৰ, পাঠ্য়ক্ৰম কাৰ্যকৰ্তা ই-মেইলঃ durba.sarkar@tiss.edu

কোনটো ৱেব ব্ৰাউজাৰ(Web Browser) আমি ব্য়ৱহাৰ কৰিব পাৰিম?

বৰ্তমান সময়ত মুক্ত edX ত কাম কৰাৰ বাবে উত্তম, ইয়াৰ ভিতৰত Chrome, Firefox or Safari, Internet Explorer version 9 আদি ব্য়ৱহাৰ কৰিব পাৰিব।

অনুগ্ৰহ কৰি সময়মতে তথ্য়সমূহ পোৱাৰ বাবে আমি দিয়া ব্ৰাউজাৰ (browsers) তালিকাখন চাই যেন।

  1. Course Number

    DB02ASTCSIBLT
  2. Classes Start

  3. Classes End

  4. Estimated Effort

    05:00
  5. Price

    Free