Skip to main content

প্ৰযুক্তিৰ সহযোগত অনুসন্ধান ভিত্তিক শিকন: শিক্ষাৰ্থীৰ বাবে ৱেব কুৱেষ্ট ৰূপাঙ্কণ আৰু ৰূপায়ণ-২০২১ অসমীয়া


TISSx
Enrollment is Closed

পাঠ্যক্ৰমৰ বিষয়েঃ

পাঠ্যক্ৰমটিৰ বিষয়ে- এই আত্ম-গতিযুক্ত (self-paced) পাঠ্যক্ৰমটোৱে প্ৰযুক্তি ব্যৱহাৰ কৰি অনুসন্ধান-ভিত্তিক আৰু সমস্যা-ভিত্তিক শিকন কাৰ্যকলাপৰ ধাৰণাটি গভীৰভাৱে অন্বেষণ কৰিব। ছাত্ৰ-ছাত্ৰীৰ বাবে এক WebQuest ৰ পৰিকল্পনা আৰু ৰূপাঙ্কণ প্ৰদত্ত অনুশীলন কাৰ্য অন্তৰ্ভূক্ত কৰি WebQuest ক অনুসন্ধান-ভিত্তিক শিকনৰ উদাহৰণ হিচাপে শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যক্ৰমত ৰখা হ’ব। প্ৰয়োজনীয় অৰ্হাতাৰ সৈতে এই কাৰ্যকলাপসমূহৰ সম্পাদনে ডিজিটেল বেজ পাবলৈ আগবঢ়াই নিব। CETE, TISS ৰ দ্বাৰা ‘শিক্ষকৰ গুণানুকীৰ্তন মাহ’ উদযাপনৰ পদক্ষেপ হিচাপে শিক্ষক আৰু শিক্ষাবিদ সকলক এই পাঠ্যক্ৰমটি আগবঢ়োৱা হৈছে।

পাঠ্যক্ৰমৰ উদ্দেশ্য-

পাঠ্যক্ৰমৰ সময়ত শিক্ষাৰ্থীসকলে তলৰ কথাবোৰ শিকিবলৈ সক্ষম হ’ব-

  • অনুসন্ধান-ভিত্তিক শিকন আৰু প্ৰযুক্তিগত এপ্লিকেশ্বনসমূহ অন্বেষণ কৰা যিবোৰে ইয়াক পোষকতা কৰে।
  • প্ৰযুক্তিবিদ্যা-সক্ষম অনুসন্ধান-ভিত্তিক শিকন কাৰ্যকলাপ হিচাপে ছাত্ৰ-ছাত্ৰীৰ বাবে এক WebQuest পৰিকল্পনা ৰপাঙ্কণ আৰু ৰূপায়ণ কৰা।

এই পাঠ্যক্ৰমত কোনে যোগদান কৰিব পাৰিব?

শিক্ষক, ছাত্ৰ-ছাত্ৰী-শিক্ষক আৰু মধ্য আৰু মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বা শিক্ষণৰ সৈতে জড়িত শিক্ষক শিক্ষাবিদসকলে এই পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে।

প্ৰয়োজনীয়তাঃ

  1. পাঠ্য়ক্ৰমটোৰ বাবে ইণ্টাৰনেটসহ এটা স্মাৰ্টফোনৰ প্ৰয়োজন হ’ব।
  2. ইণ্টাৰনেটসহ এটা কম্পিউটাৰ বা স্মাৰ্টফোনৰ সহায়ত পাঠ্য়ক্ৰমটোৰ কাৰ্যক্ৰমসমূহ সমাপন কৰাৰ বাবে প্ৰয়াস কৰিব লাগিব।

Course Staff

Course Staff Image #1

ডঃ আমিনা শৰণীয়া ,সহযোগী অধ্য়াপিকা , CETE, TISS

এখেতে টাটা-ট্ৰাষ্টত শিক্ষাত প্ৰযুক্তি সংহত প্ৰয়োগ উন্নয়নৰ কৰ্মত নিয়োজিত হৈ আছিল আৰু CLIxৰ ধাৰণা প্ৰস্তুতকৰাত পদক্ষেপ লৈছিল। প্ৰযুক্তি সংহত কৰা বাবে শিক্ষকসকলৰ বৃত্তিগত বিকাশ কৰোৱাটো আৰু গঠনাত্মক শিক্ষাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে প্ৰযুক্তিবিদ্য়াৰ ব্য়ৱহাৰ কৰাটো তেখেতৰ ৰুচিৰ বিষয়।

Course Staff Image #2

চোহিনী সেন, প্ৰশিক্ষণ সমন্বয়ক, আই.টি.ই. সমন্বয় গোট, CETE, TISS

তেখেতে ২০১৩ চনৰপৰা শিক্ষাত প্ৰযুক্তিবিদ্য়াত সংহত ব্য়ৱস্থাত (ITE) ত জড়িত হৈ আছে আৰু TISS ITE সমন্বয় দলৰ সৈতে ২০১৬ চনৰপৰা জড়িত হৈ আছে। তেখেতে বিদ্য়ালয়ৰ শিক্ষকসকলৰ প্ৰমানপ্ৰত্ৰ সাজু কৰাৰ লগতে সমন্বয়ক দলৰ সদস্য় হিচাপে চৰকাৰী বিদ্য়ালয়সমূহত ITE প্ৰয়োগৰ ক্ষেত্ৰত ক্ষমতা বৃদ্ধি আৰু চোৱা-চিতাৰ কাৰ্য কৰে।

Course Staff Image #2

ৰৌচান সিং, কাৰিকৰী আৰু বিষয়বস্তু বিশেষজ্ঞ, আই.টি.ই. সমন্বয় গোট, CETE, TISS

ৰৌচান সিং আই.টি.ই. (ITE) কাৰ্যসূচীৰ লগত ২০১৪. ৰ পৰা জৰিত আৰু ২০১৬ ৰ পৰা আই.টি.ই. ৰিচোৰ্চ টিম ( ITE Resource Team) ৰ সদস্য । তেখেতে নতুন প্ৰযুক্তিৰ বিষয়ে, তথ্য প্ৰযুক্তিৰ বিভিন্ন মাধ্যমৰ বিষয়ে আৰু প্ৰগ্ৰেমিং চফট’ৱেৰ (programming software) আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগিতাৰ বিষয়ে জানিব ভাল পায়। তাৰ বাহিৰেও আৰ্টিফিজিয়েল ইণ্টেলিজেন্সি (কৃত্ৰিম বুদ্ধিমত্তা) (Artificial intelligence) আৰু শিক্ষাত ব্যৱহাৰ হ’ব পৰা প্ৰযুক্তি বিদ্যাৰ মাধ্যম সমূহৰ ওপৰত এখেতৰ বিশেষ ৰাপ আছে ।

Frequently Asked Questions

পাঠ্য়ক্ৰমৰ বিষয়ে তথ্য়ৰ প্ৰয়োজন হ’লে মই কাক যোগাযোগ কৰিম?

আপোনাৰ মোবাইলত TISSX মোবাইল এপ্লিকেচন ব্য়ৱহাৰ কৰি পাঠ্য়ক্ৰমটোত প্ৰৱেশ কৰিব লাগিব। আপুনি এপ্লিকেচনটো Google Play Store ৰপৰা সংগ্ৰহ কৰিব লাগিব।

পাঠ্য়ক্ৰমৰ বিষয়ে তথ্য়ৰ প্ৰয়োজন হ’লে মই কাক যোগাযোগ কৰিম?

rtict@clixindia.org

কোনটো ৱেব ব্ৰাউজাৰ(Web Browser) আমি ব্য়ৱহাৰ কৰিব পাৰিম?

বৰ্তমান সময়ত মুক্ত edX ত কাম কৰাৰ বাবে উত্তম, ইয়াৰ ভিতৰত Chrome, Firefox or Safari, Internet Explorer version 9 আদি ব্য়ৱহাৰ কৰিব পাৰিব।

অনুগ্ৰহ কৰি সময়মতে তথ্য়সমূহ পোৱাৰ বাবে আমি দিয়া ব্ৰাউজাৰ (Bowsers) তালিকাখন চাই যেন।

  1. Course Number

    DB04ASIBLTDIWS
  2. Classes Start

  3. Classes End

  4. Estimated Effort

    06:00
  5. Price

    Free